The Latest News of Assam

২৫০০টা এন আৰ চি সেৱা কেন্দ্ৰৰ ভিতৰত ৩২০টা স্পর্শকাতৰ

আৰক্ষীৰ এক শীর্ষ সন্ত্রই জানিবলৈ দিয়া মতে মুঠ ২৫০০টা এন আৰ চি সেৱা কেন্দ্ৰৰ ভিতৰত ৩২০টা স্পর্শকাতৰ ৰূপে চিহ্নিত হৈছে।

খচৰা তালিকা প্রকাশৰ বাৰে মাজত মাত্র এমাহ বাকী থকা সময়ত এতিয়াও তিনি শতাধিক কেন্দ্র স্পর্শকাতৰ হৈ থকাটো উদ্বেগজনক বিষয়।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দ্বিতীয়খন খচৰা তালিকা প্রকাশৰ বাবে মাজত বাকী আৰু মাত্র কেইটিমান দিন।

News from- Asomiya Khobor

অহা ৩০ জুনত প্রকাশ পাব বহুপ্রতীক্ষিত এন আৰচিৰ দ্বিতীয়খন খচৰা তালিকা।

লগে লগে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ কাম আৰু এঢাপ আগবাঢ়িব।

কিন্তু শেহতীয়াভাৱে নাগৰিকত্ব সংশােধনী বিধেয়কক কেন্দ্ৰ কৰি ৰাজ্যত যি যুদ্ধংদেহি পৰিস্থিতিৰ সৃষ্টি হৈছে তালৈ লক্ষ্য কৰিলে এন আৰ চিৰ কামত প্ৰভাৱ পৰাৰ যথেষ্ট সম্ভাৱনা আছে।

অৱশ্যে ৰাজ্য চৰকাৰে সকলাে পক্ষক এন আৰ চিৰ কাম সম্পূর্ণ নােহােৱা পর্যন্ত কোনােধৰণৰ অপ্রীতিকৰ পৰিৱেশৰ সূচনা নকৰিবলৈ আহ্বান জনাইছে।

কিন্তু ৰাজ্য চৰকাৰৰ আহ্বানলৈ কোনাে পক্ষই গুৰুত্ব আৰোপ কৰা নাই।

বৰঞ্চ বিধেয়কৰ বিৰুদ্ধে ব্যাপক আন্দোলন অব্যাহত আছে।

এনেবােৰৰ মাজতে এন আৰ চিক কেন্দ্ৰ কৰি আন এক ভয়ংকৰ তথ্য পােহৰলৈ আহিছে।

সেই অনুসৰি ৰাজ্যৰ ২৫টা এন আৰ চি সেৱা কেন্দ্র এতিয়াও স্পর্শকাতৰ।

স্পর্শকাতৰ এই ৩২০টা এন আৰ চি সেৱা কেই বাৰুকৈয়ে বিপাঙত পেলাইছে এন আৰ চি পক্ষ তথা অসম আৰক্ষণক।

নতুন খবৰ
1 of 9

অসম পুলিচৰ হাতত পৰা ভয়ংকৰ তথ্যই ৩০ জুনত প্রকাশ পাবলগীয়া দ্বিতীয় খচৰা তালিকাক লৈ পুনৰ আন এক সংশয় দেখা দিছে।

সমান্তৰালভাৱে বিষয়টোক লৈ ৰাজ্য চৰকাৰ অধিক কঠোৰ হোৱাৰ প্ৰয়ােজনীয়তা আহি পৰিছে।

Akhil Gogoi Arrested

সংখ্যালঘু প্রধান এলেকাত এনে কেন্দ্ৰৰ সংখ্যা আটাইতকৈ বেছি।

নগাঁও, মৰিগাঁও, ধুবুৰী, গােৱালপাৰা, দৰং, বৰপেটা আদি জিলাত থকা উক্ত কেন্দ্রসমূহত চোকা নজৰ ৰাখিছে আৰক্ষীয়ে।

পিছে, দ্বিতীয় খচৰা তালিকা প্রকাশৰ পূর্বে যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া প্রায় নিশ্চিত।

আৰক্ষীৰ শীর্ষ সূত্ৰটোৱে লগতে জানিবলৈ দিয়া মতে স্পর্শকাতৰ কেন্দ্ৰকেইটাৰ উপৰি প্রায় ৫০০ ব্যক্তি তথা সংগঠনে ৰাজ্যত এন আৰ চিৰ বিৰুদ্ধে কম কৰি আছে।

এইসকলে কেতবােৰ অঞ্চত নাগৰিকপঞ্জীৰ বিৰুদ্ধে নানান প্ৰচাৰ চলাই আছে, আৰু কিদৰে ইয়াৰ কাম প্রতিহত কৰিব পাৰি তাৰ কুটকৌশল অব্যাহত ৰাখিছে।

আৰক্ষীৰ হাতত পৰা চাঞ্চল্যকৰ তথ্য চৰকাৰৰ কাণত পৰিছে আৰু  কঠোৰ হাতেৰে দমন কৰিবলৈ নির্দেশ দিয়া বুলি জানিব পৰা গৈছে।

এন আৰ চিক বুমেৰাং কৰাৰ বাবে অসমবিৰােধী চক্রই ভয়ংকৰ অভিসন্ধি চলাই থকৰ বিপৰীতে প্রায় ১৫শ লােক আৰু সংগঠনে অৱশ্যে নাগৰিকপঞ্জীৰ দ্বাৰা প্ৰকৃত ভাৰম্ভ কৰ নাম যে কর্তন নহা সেই সম্পর্কে প্ৰচাৰ চলাই আছে।

উচ্চতম ন্যায়ালয়ৰ প্রত্যক্ষ তত্ত্বাবধানত আৰু অসম চৰকাৰৰ প্ৰচেষ্টাত ৰাষ্টীয় নাগৰিকপঞ্জীৰ

ম যুদ্ধকালীন তৎপৰতাৰে চলি থকাৰ সময়তে যিসকলে ইয়াত বাধা প্রদানৰ চেষ্টা চলাই আছে তেওঁলোকক শীয়ে গ্রেপ্তাৰ কৰি উপযুক্ত শাস্তি প্রদানৰ বাবে সকলােৱে দাবী উত্থাপন কৰিছে৷

ইয়াৰ উপৰি ৩০ জুন পূর্বে কেন্দ্ৰৰ পৰা অতিৰিও নিৰাপত্তাৰক্ষী বাহিনী বিচৰা হৈছে আৰু এই বাহিনী বিভিন্ন মণ্ডল অনুযায়ী মােতায়েন কৰা হ’ব।