The Latest News of Assam

আলফা ভংগ কৰা হ’ব – আলফাৰ সভাপতি অৰবিন্দ ৰাজখােৱা

অসমৰ জনসাধাৰণৰ দীর্ঘদিনীয়া দাবীসমূহ সমাধানৰ বাবে আলফা অসম ৰাইজৰ ওচৰত প্রতিশ্রুতিবদ্ধ বুলি উল্লেখ কৰি আলফাৰ সভাপতি অৰবিন্দ ৰাজখােৱাই কয় যে আলফাই দাখিল কৰা দাবী সনদ সন্দৰ্ভত ইতিমধ্যে আলােচনা সম্পূর্ণ হৈছে আৰু ইয়াৰ বেছিভাগ দাবীৰ ক্ষেত্ৰত চৰকাৰ সন্মত হৈছে।

আলফা আৰু চৰকাৰৰ মাজত চলিত বৰ্ষতে শান্তি চুক্তি সম্পাদিত হ’ব আৰু এই চুক্তি সম্পাদনৰ লগে লগে ভংগ হ’ব সংগঠনটো।

ইতিমধ্যে চৰকাৰৰ সৈতে চলি থকা আলােচনা প্রক্রিয়া অন্তিম পর্যায়ত উপনীত হােৱাৰ কথা উল্লেখ কৰি আজি আলফাৰ সভাপতি অৰবিন্দ ৰাজখােৱাই এই কথা কয়।

দিল্লীত কেন্দ্রীয় চৰকাৰ আৰু আলফাৰ মাজত হােৱা আলােচনাৰ অন্তত এখন সংবাদমেলযােগে তেওঁ এই কথা প্রকাশ কৰি আলফা-চৰকাৰৰ মাজত বহু প্রতীক্ষিত শান্তি চুক্তি সম্পাদিত হােৱাৰ লগে লগে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সাংবিধানিক, অর্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হ’ব বুলিও দাবী কৰে।

অৱশ্যে দুই-এটা বিষয়ত কিছু জটিলতা আছে বুলি জানিবলৈ দি তেওঁ কয় যে সেই বিষয়কেইটা সমাধান হলেই শান্তি চুক্তি সম্পাদিত হ’ব।

নতুন খবৰ
1 of 9

ইয়াৰ ভিতৰত ৰাজ্যৰ ভূমি নীতি, খিলঞ্জীয়াৰ ৰক্ষাকৱচ আদিৰ দৰে কেইটামান বিষয় অন্তর্ভুক্ত বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিষয়সমূহ সন্দৰ্ভত যাতে ভবিষ্যতে কোনাে বিতর্ক সৃষ্টি হ’ব নােৱাৰে, তাৰ কাৰণে কেন্দ্রই আইনী পৰামৰ্শ আদি গ্রহণ কৰি সিদ্ধান্ত গ্রহণ কৰিব।

ইয়াৰ পিচতে শান্তি চুক্তি সম্পাদিত হ’ব বুলি স্পষ্ট কৰি তেওঁ কয় যে চলিত বৰ্ষতে এই চুক্তি সম্পাদন হােৱাৰ পূর্ণ সম্ভাৱনা আছে।

ইফালে এই চুক্তি সম্পাদন হােৱাৰ পিচত আলফা ভংগ কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

ইফালে আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই শান্তি আলােচনা অংশগ্রহণ কৰাৰ সম্ভাৱনাৰ বিষয়ে সােধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে পৰেশ বৰুৱা আলােচনালৈ আহিলে ইয়াক তেওঁলােকে আদৰণি জনাব।