The Latest News of Assam

পাকিস্তানৰ খেলুৱৈক মেচ ফিক্সিং কৰাৰ সন্দেহত পুনৰবাৰ

বিশ্বৰ যি প্রান্ততেই নহওক কিয়, সদায়ে সন্দেহৰ আৱৰ্তত থাকে পাকিস্তান ক্রিকেটাৰ।

শেহতীয়াকৈ পুনৰবাৰ এই কথা প্রতিপন্ন হ’ল।

 

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচত প্রতিদ্বন্দ্বিতাৰে আন্তঃৰাষ্ট্ৰীয় ক্রিকেটলৈ উভতি অহা পাকিস্তানৰ খেলুৱৈক মেচ মেচ ফিক্সিং কৰাৰ সন্দেহত পুনৰবাৰ সকীয়াই দিলে বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আই চি চিয়ে।

ইংৰাজবাহিনীৰ বিৰুদ্ধে ঐতিহাসিক লর্ডছত বৃহস্পতিবাৰে আৰম্ভ হােৱা মেচৰ প্ৰথম দিনাই পাকিস্তানৰ তিনিগৰাকী ক্রিকেটাৰ দুনীতিবিৰােধী গােটৰ সতর্কৰ সন্মুখীন হ’ল।

ভ্ৰমণকাৰী দলটোৰ হাছান আলীয়ে এই কথা সদৰী কৰিছে।

নতুন খবৰ
1 of 11

ball

হাছানে কয় যে কোন কেইগৰাকী সতীৰ্থক সকীয়নি প্রদান কৰা হৈছে সেই সন্দৰ্ভত তেওঁ অজ্ঞঃ যদিও আই চি চিৰ দুনীতিবিৰােধী গোটৰ প্রতিনিধিয়ে পাকিস্তান ক্রিকেটাৰক খেলপথাৰত স্মার্ট ব্রাটছ পৰিধান নকৰিবলৈ সকীয়নি দিছে লর্ডছ টেষ্টৰ প্ৰথম দিনা পাকিস্তান।

তিনিগৰাকী ক্রিকেটাৰে স্মার্ট ব্রটছ পৰিধান কৰি খেলপথাৰত প্ৰৱেশ কৰাৰ সংবাদ পৰিৱেশন কৰিছে ইংলেণ্ডৰ সংবাদ মাধ্যমে।

অৱশ্যে ভ্ৰমণকাৰী দলৰ কোনাে ক্রিকেটাৰে অনৈতিক কার্য সংঘটি কৰাৰ তথ্য পােহৰলৈ অহা নাই যদিও ২০১০ চনত একে স্থানতে স্পট ফিক্সিং সংঘটিত কৰি কাৰাবাস খাটিব লগা হােৱা তিনিগৰাকী খেলুৱৈ সাম্প্রতিক দলত থকাৰ বাবে পাকিস্তান সন্দেহৰ আৱৰ্তলৈ আহিছে।

৮ বছৰ পূর্বে লর্ডছত স্পট ফিক্সিং কেলেংকাৰী সংঘটিত কৰি ক্রিকেট বিশ্বক লজ্জানত কৰিছিল পাকিস্তানৰ ছলমান বাট, মহম্মদ আচিফ আৰু মহম্মদ আমিৰে।