The Latest News of Assam

উঃ মাঃত কৃতিত্ব প্রদর্শনেৰে নাপায় স্কুটি – সিদ্ধার্থ ভট্টাচার্য

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে বিগত বৰ্ষত উচ্চতৰ মাধ্যমিকৰ এহেজাৰ কৃতী ছাত্ৰীক স্কুটি প্রদান কৰিছিল।

চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীর্ণ হােৱা ছাত্ৰীয়ে অসম চৰকাৰৰ পৰা স্কুটি নাপাব।

ইয়াৰ বিপৰীতে তেওঁলােকে পাব চাইকেলহে।

bicycle

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে বিগত বৰ্ষত স্কুটি প্রদান কৰিছিল।

নতুন খবৰ
1 of 10

এই আঁচনি ভৱিষ্যতেও অব্যাহত ৰখাৰ কথা ঘােষণা কৰাৰ লগতে চলিত বৰ্ষত পাঁচ হেজাৰ কৃতী ছাত্ৰীক স্কুটি প্রদান কৰিব বুলি প্রতিশ্রুতি দিছিল।

 

কিন্তু শিক্ষা মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে কৃতী ছাত্ৰীক স্কুটি প্রদান বিপৰীতে চাইকেলহে দিয়া হ’ব।

১০ হেজাৰ কৃতী ছাত্ৰীক ৰাজ্য চৰকাৰে চাইকেল দিব বুলি তেওঁ জনায়।

স্কুটিৰ পৰিবৰ্তে চাইকেল দিয়াৰ শিক্ষা মন্ত্ৰীৰ এই নতুন সিদ্ধান্তক লৈ প্রতিক্রিয়াৰ সৃষ্টি হৈছে।