The Latest News of Assam

আজিকালি ব্যৱসায়ত সেয়া অত্যন্ত জৰুৰীআৰু ব্যৱসায়ৰ সেয়া নিয়ম বুলিও প্রধানমন্ত্রীয়ে কয়

ৰঙিয়াৰ ডেকা ছুইটছৰ ৰসগােল্লাক অধিক জনপ্রিয় কৰাৰ কথা

বাৰ্তালাপ কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে।

প্রধানমন্ত্রীয়ে হৃদয় ডেকাক সােধা দ্বিতীয় প্রশ্নটো আছিল— ব্যৱসায়ৰ ইমান প্রসাৰ ঘটোৱাৰ পিচত নির্দিষ্ট কোনাে এক মিঠাই জনপ্রিয় কৰাৰ কাৰণে তেওঁ প্রয়াস কৰিছে নে নাই?

ইয়াৰ উত্তৰত ডেকাই কৈছিল যে তেওঁৰ দোকানৰ ৰসগােল্লা সেই এলেকাত যথেষ্ট জনপ্রিয়। প্রধানমন্ত্রীয়ে তেতিয়া তেওঁক নির্দিষ্ট এক মিঠাই জনপ্রিয় কৰাৰ কাৰণে উপদেশ দিয়ে।

sweets

কালি উজ্জ্বলা যােজনাৰ পর্যালােচনা কৰাৰ সময়ত প্রধানমন্ত্রীয়ে অসমৰ ধেমাজি জিলাৰ তিনিগৰাকী গৃহিণীৰ সৈতে প্রত্যক্ষভাৱে বাৰ্তালাপ কৰা বিষয়টো ৰাজ্যত চৰ্চিত হৈ থকাৰ মাজতে আজি পুনৰ অসমৰ এগৰাকী উদীয়মান যুৱ ব্যৱসায়ীৰ সৈতে প্রত্যক্ষভাৱে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বার্তালাপ কৰে প্রধানমন্ত্রীগৰাকীয়ে।

assam

অসমৰ ৰঙিয়াৰ এই যুৱ ব্যৱসায়ীজন হ’ল হৃদয় ডেকা। এই বার্তালাপৰ সময়ত ডেকা ছুইটছৰ স্বত্বাধিকাৰ হৃদয়ে মুদ্রা যােজনাই তেওঁৰ জীৱন কেনেদৰে সলনি কৰিলে, সেই বিষয়ে প্রধানমন্ত্রীক অৱগত কৰে।

২০১৫ চনত আৰম্ভ কৰা প্রধানমন্ত্রী মুদ্রা যােজনাৰ অধীনত তেওঁ সহজতে সেই বছৰত পঞ্চাশ হেজাৰ টকা ঋণ পােৱাৰ কথা উল্লেখ কৰি হৃদয় ডেকাই কয় যে পৰৱর্তী সময়ত ব্যৱসায়ত লেনদেন ভাল হােৱা কাৰণে তেওঁ ২০১৭ চনত পুনৰ পাঁচ লাখ টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হৈছিল।

cake

এই কথা ব্যক্ত কৰাৰ সময়ত হৃদয়ে প্রথমে এখন সৰু চাহ-মিঠাইৰ দোকান আছিল বুলি উল্লেখ কৰাৰ লগে লগে প্রধানমন্ত্রীয়ে ৰসিকতাৰে মােৰ নিচিনা বুলি মন্তব্য আগবঢ়ায়।

হৃদয়ে কয় যে প্রথম ঋণ পােৱাৰ পিচত তেওঁ নিজৰ দোকান কিছু প্রসাৰ কৰিছিল আৰু দ্বিতীয়টো ঋণৰ পিচত এতিয়া নিজৰ চাহমিঠাইৰ দোকান যথেষ্ট ভালদৰে চলিছে।

প্রথমে তেওঁৰ দোকানত দুজন কর্মচাৰী আছিল বুলি উল্লেখ কৰি হৃদয়ে লগতে কয় যে বর্তমান তেওঁৰ দোকানত কৰ্মচাৰীৰ সংখ্যা সাতজন। ইফালে হৃদয়ে নিজৰ ব্যৱসায় বৃদ্ধিৰ কথা উল্লেখ কৰাৰ সময়ত প্রধানমন্ত্রীয়ে তেওঁক সােধা প্রথম প্রশ্ন আছিল— ‘কিমান দেৰি কাম কৰে।

নতুন খবৰ
1 of 9

প্রধানমন্ত্রীয়ে নিতৌ ওঠৰ ঘণ্টা সময় চৰকাৰী কামকাজত অতিবাহিত কৰাৰ কথা সকলােৰে জ্ঞাত আৰু সেই অনুসৰিয়ে তেওঁ আনসকলকো নিজ নিজ কামত অধিক সময় দিয়াৰ কাৰণে আহ্বান জনায়।

প্রধানমন্ত্রীৰ এই প্রশ্নৰ উত্তৰত হৃদয় ডেকাই কয় যে তেওঁ দোকান পুৱা ৭ বজাত খােলে আৰু নিশা ৮ বজাত বন্ধ কৰে।

assam paper

তেতিয়া প্রধানমন্ত্রীয়ে উৎসৱ পার্বণৰ সময়ত নিশ্চয় অধিক সময় দিবলগা হয় বুলি প্রশ্ন কৰে।

ইয়াৰ পিচতে প্রধানমন্ত্রীয়ে হৃদয় ডেকাক সােধা দ্বিতীয় প্রশ্নটো আছিল— ব্যৱসায়ৰ ইমান প্রসাৰ ঘটোৱাৰ পিচত নির্দিষ্ট কোনাে এক মিঠাই জনপ্রিয় কৰাৰ কাৰণে তেওঁ প্রয়াস কৰিছে নে নাই?

ইয়াৰ উত্তৰত ডেকাই কৈছিল যে তেওঁৰ দোকানৰ ৰসগােল্লা সেই এলেকাত যথেষ্ট জনপ্রিয়। প্রধানমন্ত্রীয়ে তেতিয়া তেওঁক নির্দিষ্ট এক মিঠাই জনপ্রিয় কৰাৰ কাৰণে উপদেশ দিয়ে।

তেওঁ কয় যে আজিকালি ব্যৱসায়ত সেয়া অত্যন্ত জৰুৰী।

মানুহে সেয়া জানিব লাগে আৰু ব্যৱসায়ৰ সেয়া নিয়ম বুলিও প্রধানমন্ত্রীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে।

তদুপৰি ডিজিটেল। পেমেন্ট পদ্ধতিক উদগনি দিয়াৰ বাবেও প্রধানমন্ত্রীয়ে তেওঁক উপদেশ দিয়ে।

উল্লেখযােগ্য যে বিভিন্ন চৰকাৰী আঁচনিসমূহৰ পর্যালােচনাৰ এক ব্যতিক্রমী প্রয়াস হিচাপে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে ভিডিঅ’ কনফাৰেন্স যােগে এনেদৰে বিভিন্ন হিতাধিকাৰীৰ সৈতে পােনপটীয়াকৈ বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰিছে।

আজি প্রধানমন্ত্রী মুদ্রা যােজনাৰ পর্যালােচনা কৰাৰ সময়ত তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী হিতাধিকাৰীৰ সৈতে বার্তালাপ কৰে আৰু তাৰ ভিতৰত আছিল অসমৰ ৰঙিয়াৰ এইগৰাকী হৃদয় ডেকা।

এই যােজনাৰ অধীনত ক্ষুদ্র ব্যৱসায়িক প্রতিষ্ঠানক দহ লাখ টকাপর্যন্ত ঋণ আগবঢ়োৱা হয়। প্রধানমন্ত্রীয়ে।

আজি উল্লেখ কৰা অনুসৰি এই যােজনাৰ অধীনত এতিয়ালৈকে বেংক তথা বিত্তীয় প্রতিষ্ঠানে দেশৰ ১২ কোটি হিতাধিকাৰীক ৬ লাখ কোটি টকা আগবঢ়াইছে আৰু ইয়াৰ ভিতৰত ৩.২৫ কোটি বা ২৮ শতাংশ হিতাধিকাৰীয়ে প্রথমবাৰৰ বাবে এনে ঋণ লাভ কৰিছে।

তদুপৰি এনে হিতাধিকাৰীৰ ভিতৰত ৯ কোটি বা ৭৪ শতাংশ মহিলা বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।